Show/Hide Keyboard Layout

জীৱনৰ লগন

- নিৰ্মলপ্ৰভা বৰদলৈ

জীৱনৰ লগন কৰা অনুপম

প্ৰতিটো প্ৰহৰ তুমি পূৰ্ণ কৰা

হাঁহিৰ সুৰভিৰে মনৰ সাহসেৰে

অশ্ৰু বিন্দুবোৰ মুক্তা কৰা ।

 

যাতনাৰে কাঁইটীয়া এই পৃথিৱীতে

শূন্য শূন্য লগা মৰুৰ বুকুতে

উচুপি উঠে জীৱনে

মিঠা মৰমেৰে জীৱনৰ সুবাসেৰে

হৃদয় পাত্ৰটি পূৰ্ণ কৰা

ধৰাৰ ধূলিকে তুমি পূৰ্ণ কৰা ।

 

নোপোৱা নোপোৱা পৰিৱেশতে

অস্থিৰ অশান্ত এই যুগতে

উচুপি উথে জীৱনে

আশাৰ পোহৰেৰে অলপ বিশ্বাসেৰে

ৰিক্ত প্ৰহৰ তুমি পূ্ৰ্ণ কৰা

জীৱন বোধেৰে মন সিক্ত কৰা

জীয়াই থকাৰ যাদু বিচাৰি লোৱা ।।

Hits: 1974